জামুগুৰিহাটত তিনি শতাধিক ছাত্ৰ-ছাত্ৰীক আছুৰ অভিনন্দন
এন ই লাইভ ট্যুডে, জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: ২২জুন:
বিষ্ণুৰাভা দিৱসৰ লগত সংগতি ৰাখি সদৌ জামুগুৰি ছাত্ৰ সন্থাই আজি প্ৰায় তিনি শতাধিক কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে ৷ সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তিৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে ৷ বৃহত্তৰ জামুগুৰিহাটৰ ডেৰ কুৰিৰো অধিক উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তিৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনোৱা অনুষ্ঠানটিত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দুল দুল বৰকাকতীয়ে অসমৰ ভাষা-সংস্কৃতি চহকী কৰাৰ ক্ষেএত ভৱিষৎতে প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীক গধুৰ দ্বায়িত্ব বহন কৰিব লাগিব বুলি মন্তব্য কৰাৰ লগতে বৰ্তমানৰ সৰ্ব্বানন্দ সোনোৱাল চৰকাৰ খনকো কঠোৰ সমালোচনা কৰে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ লগতে ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰন কৰাত সোনোৱাল চৰকাৰখন ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে আছু নেতা গৰাকীয়ে ৷ সভাত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ভাৰতীয় ষ্টেট বেংকৰ তেজপুৰ শাখাৰ মূখ্য প্ৰৱন্ধক ৰূপালী চৰকাৰ, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰজ্ঞান ভূঞাঁ, শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিতুল বৰা, ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ চাহাবুদ্দিন আহমেদ, জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰাই ৷ ছাত্ৰ নেতা দেৱ দীপাংকৰ বৰাই আত ধৰা অনুষ্ঠানটিত কৃতি ছাত্ৰ-ছাত্ৰী সকলক ফুলাম গামোচা, অভিনন্দন প্ৰসংসা পত্ৰ আৰু কিতাপৰ টোপোলাৰে উষ্ম অভিনন্দন জনোৱা হয় ৷ উক্ত অনুষ্ঠানতে জামুগুৰিহাটৰ প্ৰতিখন চৰকাৰী, বেচৰকাৰী উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা অধ্যক্ষক সম্বৰ্দ্ধনা জনোৱা হয় ৷ সভাপতিৰ মন্তৱ্যত অভিজিৎ নাথে অভিনন্দন জনোৱা কৃতি ছাত্ৰ-ছাত্ৰী সকলক ভৱিষৎতে সু-নাগৰিক হৈ মানৱ সেৱাত ব্ৰতী হবলৈ আহ্বান জনায় ৷ আজি অভিনন্দন গ্ৰহণ কৰা প্ৰত্যক গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভবিষৎতে অসমৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক ক্ষেএখনলৈ মূল্যৱান বৰঙণী আগবঢ়াবলৈ সক্ষম বুলিও মন্তৱ্য আগবঢ়াই আজিৰ সভাৰ সভাপতি তথা সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে ৷