শোণিতপুৰৰ জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসে আজি সহকাৰী আয়ুক্ত শ্ৰী অৰুণাভ বৰকটকী, লোক নিৰ্মাণ বিভাগ পথ (PWRD)-ৰ কাৰ্যবাহী অভিযন্তা শ্ৰী নিত্যৰঞ্জন বৰকটকী, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা শ্ৰী খনিন্দ্ৰ বৰ্মন আৰু অন্যান্য সংশ্লিষ্ট বিষয়ববীয়াৰ সৈতে ব্ৰহ্মপুত্ৰৰ পানী যুঁৱলিৰ ৰুদ্ৰপদ (ভৈৰৱপদ)ৰ ঐতিহাসিক হৰ্জৰ বৰ্মণৰ শিলালিপি স্থান পৰিদৰ্শন কৰে।
বিভিন্ন দিশত মহত্ব আৰু গুৰত্ব প্ৰতিপন্ন হোৱা এই বিশেষ শিলালেখ বা শিলালিপিখনৰ বৰ্তমানৰ অৱস্থা পৰ্যালোচনা কৰাৰ লগতে ইয়াৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ মূল্যায়নৰ উদ্দেশ্যে এই পৰিদৰ্শন কৰা হয়।
ইয়াৰ পিছত, জিলা আয়ুক্তগৰাকী আৰু বিষয়বীয়াসকলৰ দলটিয়ে অগ্নিগড় উদ্যান পৰিদৰ্শন কৰি উদ্যানখনলৈ অহা পৰ্যটকসকলৰ বাবে অধিক সুগমতা নিশ্চিত কৰাৰ লগতে সামগ্ৰিক ভ্ৰমণ অভিজ্ঞতা উন্নত কৰাৰ লক্ষ্যৰে নিৰ্মীয়মাণ লিফ্ট সুবিধাৰ অগ্ৰগতি পৰ্যালোচনা কৰে।
#HarjjarVarmanRockInscription#Rudrapad#Bhairabpad#Tezpur#HeritageConservation#CulturalHeritage#HistoricalPreservation#Agnigarh#TourismInfrastructure#AccessibleTourism#Sonitpur#DistrictAdministration#Assam
CMO AssamBiswajit DaimaryAjanta NeogDirectorate of Information and Public Relations, AssamJanasanyog, Sonitpur জনসংযোগ, শোণিতপুৰAwesome Assam


Tezpur Online Tezpur Local Market eDirectory
