শোণিতপুৰ জিলা প্ৰশাসনে আজি ভাৰতৰ লোকপিয়ল-২০২৭ ৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়ল (Houselisting and Housing Census – HLO)ৰ বাবে গণনাকাৰী (Enumerators) আৰু তত্বাৱধায়ক (Supervisors)সকলৰ জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰে। সফলভাৱে লোকপিয়ল সম্পন্ন কৰাৰ উদ্দেশ্যে ক্ষেত্ৰ পৰ্যায়ৰ বিষয়া সকলক প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতাৰে সাজু কৰাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
অনুমোদিত প্ৰশিক্ষণ সূচী অনুসৰি ২৭ জুলাই, ২০২৬ তাৰিখৰ পৰা ৫ আগষ্ট, ২০২৬ তাৰিখলৈ তেজপুৰ মহাবিদ্যালয়, ৰঙাপৰা মহাবিদ্যালয়, লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়, ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়, শোণিতপুৰ পলিটেকনিক আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি মুঠ ৬টা স্থানত পৰ্যায়ক্ৰমে এই প্ৰশিক্ষণ অনুষ্ঠিত হ’ব। এই প্ৰশিক্ষণৰ আওতাত জিলাখনৰ সকলো ৰাজহ চক্ৰ আৰু পৌৰসভাকে ধৰি মুঠ ৯টা “চাৰ্জ অফিচ” সামৰি লোৱা হৈছে।
আজি উদ্বোধনী দিনটোত শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত তথা প্ৰধান লোকপিয়ল বিষয়া শ্ৰী আনন্দ কুমাৰ দাসে তেজপুৰ মহাবিদ্যালয় আৰু ঢেকিয়াজুলিস্থিত লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে আয়ুক্ত গৰাকীয়ে ভাৰতৰ লোকপিয়ল-২০২৭ দেশৰ প্ৰথম ডিজিটেল লোকপিয়ল তথা দেশৰ অন্যতম বৃহৎ ৰাষ্ট্ৰীয় কাৰ্যসূচী বুলি উল্লেখ কৰি সকলো গণনাকাৰী আৰু তত্বাৱধায়ক সকলক আন্তৰিকতা, নিখুঁত আৰু দায়বদ্ধতাৰে নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।
সমগ্ৰ শোণিতপুৰ জিলাত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে মুঠ ২,৪১৫ গৰাকী গণনাকাৰী আৰু ৪১৬ গৰাকী তত্বাৱধায়কক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। প্ৰথম দিনা তেজপুৰ মহাবিদ্যালয়, ৰঙাপৰা মহাবিদ্যালয়, লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়, ঢেকিয়াজুলি আৰু ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়, জামুগুৰিহাট এই চাৰিটা স্থানত অনুষ্ঠিত প্ৰশিক্ষণত ৮২০ গৰাকী গণনাকাৰী আৰু ১৩১ গৰাকী তত্বাৱধায়কে অংশগ্ৰহণ কৰে।
ইয়াৰ উপৰিও, শোণিতপুৰ জিলা প্ৰশাসনে জিলাখনৰ সৰ্বসাধাৰণ ৰাইজক ভাৰতৰ লোকপিয়ল-২০২৭ ৰ অধীনত স্ব-গণনা (Self-Enumeration) প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। এই সুবিধা ২ আগষ্ট, ২০২৬ তাৰিখৰ পৰা ১৬ আগষ্ট, ২০২৬ তাৰিখলৈ উপলব্ধ থাকিব। এই ক্ষেত্ৰত নাগৰিকসকলে https://se.census.gov.in/ ত উপলব্ধ চৰকাৰী স্ব-গণনা পৰ্টেলৰ জৰিয়তে অনলাইনযোগে নিজৰ পৰিয়ালৰ তথ্য পূৰণ কৰিব পাৰিব। এই ব্যৱস্থাই পৰিয়ালসমূহক সুবিধাজনক আৰু নাগৰিক- সৌহাৰ্দ্যপূৰ্ণ ভাৱে ডিজিটেল মাধ্যমত লোকপিয়লৰ তথ্য দাখিল কৰাৰ সুবিধা প্ৰদান কৰিছে । অনলাইনযোগে দাখিল কৰা তথ্যসমূহ পৰৱৰ্তী সময়ত নিযুক্ত লোকপিয়ল গণনাকাৰীয়ে ক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত সত্যসত্যতা পৰীক্ষা কৰিব। জিলা প্ৰশাসনে সকলো ৰাইজক এই সুবিধাৰ সদ্ব্যৱহাৰ কৰি ভাৰতৰ লোকপিয়ল-২০২৭ সফলভাৱে সম্পন্ন কৰাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।
#Census2027#IndiaCensus2027#HLO2027#DigitalCensus#Sonitpur#SonitpurDistrictAdministration#Tezpur#EnumeratorTraining#SupervisorTraining#SelfEnumeration#Assam#DigitalIndia#PublicService#GovernmentOfIndia
CMO AssamBiswajit DaimaryCensus India 2027Census Operations AssamDirectorate of Information and Public Relations, AssamJanasanyog, Sonitpur জনসংযোগ, শোণিতপুৰ


Tezpur Online Tezpur Local Market eDirectory
