
শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৫ খন নিৰ্বাচিত বিদ্যালয়ত আজি “গ্ৰেট অসম স্কুল শ্বেকআউট প্ৰগ্ৰেম (GASSP) 2025” সফলতাৰে অনুষ্ঠিত হয়। অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সহযোগত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজ্যজুৰি গ্ৰহণ কৰা কাৰ্যসূচীৰ অধীনত শোণিতপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই অনুশীলনৰ আয়োজন কৰে। এই কাৰ্যসূচীৰ লক্ষ্য আছিল বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰী সকলক দুৰ্যোগৰ সময়ত লবলগীয়া সাৱধানতা, প্ৰস্তুতিৰ ব্যৱস্থা বৃদ্ধি আৰু সজাগতা সৃষ্টি কৰা।
ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সুৰক্ষাৰ সন্দৰ্ভত অনুশীলন (মক ড্ৰিলসমূহ) নিৰ্দিষ্ট বিদ্যালয় সমূহত একেসময়তে পুৱা ১০:৩০ বজাত সম্পন্ন কৰা হয়, য’ত ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰী সকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে “ড্ৰপ, কভাৰ, আৰু হোল্ড”ৰ মূল সুৰক্ষা কাৰ্য্যসমূহ প্ৰদৰ্শন কৰে আৰু নিজ নিজ বিদ্যালয় দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ তত্বাৱধানত ডিডিআৰএফ আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ স্বেচ্ছাসেৱকৰ দ্বাৰা পদ্ধতিগতভাৱে নিৰ্দিষ্ট স্থান খালী কৰাৰ পদ্ধতিৰ অনুশীলন কৰে।
জিলাখনৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলে বিভিন্ন শৈক্ষিক খণ্ড সমূহৰ মাজত অনুশীলনসমূহ সুচাৰুৰূপে সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ নিৰীক্ষণ লগতে জিলা প্ৰশাসন আৰু ডিডিএমএ, শোণিতপুৰৰ অন্যান্য বিষয়াসকলেও নিৰ্দিষ্ট বিদ্যালয় সমূহত আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে ।
শোণিতপুৰ জিলাৰ শিক্ষা খণ্ডৰ ভিতৰত দুৰ্যোগৰ বাবে প্ৰস্তুতি শক্তিশালী কৰা আৰু সঁহাৰিৰ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই অনুশীলনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
#GASSP2025#Sonitpur#ASDMA#DDMASonitpur
CMO AssamHimanta Biswa SarmaPijush HazarikaKeshab Mahanta কেশৱ মহন্তAshok SinghalPadma HazarikaPrithiraj RavaGanesh Kumar LimbuKrisna Kamal TantiAssam State Disaster Management Authority-ASDMADirectorate of Information and Public Relations, AssamJanasanyog, Sonitpur জনসংযোগ, শোণিতপুৰNational Disaster Management Authority, India




Tezpur Online Tezpur Local Market eDirectory