Thursday , 30 July 2026
Observation of Deshbhakti Divas – Sonitpur District
Observation of Deshbhakti Divas – Sonitpur District

শোণিতপুৰত দেশভক্তি দিৱস পালন

দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ

স্বাধীনতা সংগ্ৰামৰ মহান নেতা, দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে শোণিতপুৰ জিলাতো দেশভক্তি দিৱস পালন কৰা হয়। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়, শোণিতপুৰৰ সহযোগত জিলা আয়ুক্ত কাৰ্যালয়ৰ ২নং সভাকক্ষত এই দেশভক্তি দিৱস অনুষ্ঠিত হয়।

অনুষ্ঠানৰ আৰম্ভণিতে শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলন কৰি আৰু পুষ্প অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত জিলা আয়ুক্তগৰাকীৰ সৈতে উপস্থিত থাকি মহান দেশভক্তজনাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী জয়ন্ত কুমাৰ বৰা, জিলা উন্নয়ন আয়ুক্ত শ্ৰী সঞ্জীৱ কুমাৰ শৰ্মা আৰু অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী জেম্ছে আইন্দে।

উল্লেখযোগ্য যে, আজিৰ এই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, লেখিকা, শিক্ষাবিদ তথা দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা ড০ স্বাধীনতা মহন্তই মূল বক্তা হিচাপে উপস্থিত থাকি দেশভক্তগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ইয়াৰোপৰি অনুষ্ঠানত নিৰ্বাচনী বিষয়া শ্ৰী আহমদুল্লাহ ঠাকুৰীয়া, সহকাৰী আয়ুক্ত শ্ৰীমতী চয়নিকা হাজৰিকা আৰু শ্ৰীমতী বিচিত্ৰা দাস, জিলা তথ্য আৰু জনসংযোগ বিষয়া শ্ৰীমতী অংকিতা গগৈ, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু অন্যান্য আমন্ত্ৰিত অতিথিসকলেও দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত পুষ্প অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত এখন আনুষ্ঠানিক সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে অসমৰ বিভিন্ন প্ৰান্তত সংঘটিত শেহতীয়া বিধ্বংসী বানপানীত প্ৰাণ হেৰুওৱা লোকসকলক সোঁৱৰি এক মিনিট সময় মৌনতা অৱলম্বন কৰি প্ৰাৰ্থনা কৰা হয়।

অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি জিলা আয়ুক্তগৰাকীয়ে দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন, অৱদান আৰু আদৰ্শৰ ওপৰত আলোকপাত কৰে। মূল বক্তা হিচাপে ভাষণ প্ৰদান কৰি বিশিষ্ট শিক্ষাবিদ, দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা তথা শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ স্বাধীনতা মহন্তই বৰ্তমান সময়ত দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত আলোকপাত কৰে। তেওঁ দেশভক্ত তৰুণৰাম ফুকনৰ জীৱনৰ বিভিন্ন দিশ, স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদান, অসমৰ সামাজিক আৰু জনজীৱনৰ উন্নয়নত তেওঁৰ ভূমিকা আৰু পেছাগত সফলতাৰ বিষয়ে বিশদভাৱে বক্তব্য আগবঢ়ায়।

#দেশভক্তি_দিৱস#দেশভক্ত_তৰুণৰাম_ফুকন#Sonitpur#SonitpurDistrictAdministration#Assam#Tribute#FreedomFighter#RememberingOurHeroes#AzadiKaAmritMahotsav

CMO AssamBiswajit DaimaryDirectorate of Information and Public Relations, AssamJanasanyog, Sonitpur জনসংযোগ, শোণিতপুৰAmrit Mahotsav

See less

About Team Edupur

Check Also

District-Level Training for First Phase of Census 2027 House Listing & Housing Census Begins in Sonitpur

শোণিতপুৰত ভাৰতৰ লোকপিয়ল-২০২৭ৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়ল (HLO)ৰ জিলা পৰ্যায়ৰ প্ৰশিক্ষণ আৰম্ভ

শোণিতপুৰ জিলা প্ৰশাসনে আজি ভাৰতৰ লোকপিয়ল-২০২৭ ৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়ল (Houselisting and Housing …