Wednesday , 12 August 2026
Assamese translation of Prime Minister Shri Narendra Modi's poetry collection unveiled in the presence of the District Commissioner.
Assamese translation of Prime Minister Shri Narendra Modi's poetry collection unveiled in the presence of the District Commissioner.

জিলা আয়ুক্তৰ উপস্থিতিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ কবিতা সংকলনৰ অসমীয়া অনুবাদ গ্ৰন্থ উন্মোচন

তেজপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ দুই নং সভাকক্ষত আজি অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ বিশেষ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসে দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটী ভাষাত ৰচনা কৰা তিনিকুৰি আঠটা কবিতাৰ “এই চকুহাল ধন্য” শীৰ্ষক অসমীয়া অনুবাদ গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

উল্লেখ্য যে, সাহিত্য অকাডেমি নেপালী ভাষা পৰামৰ্শ সমিতিৰ সদস্য, তেজপুৰ নিবাসী সাহিত্য অকাডেমিৰ অনুবাদ বঁটা প্ৰাপক ভাৰতীয় ভাষা-সাহিত্যৰ এগৰাকী বিশিষ্ট সাহিত্যিক শ্ৰী চন্দ্রমণি উপাধ্যায়ে অসমীয়া ভাষালৈ অনুবাদ কৰা ড০ অঞ্জনা সন্ধীৰ হিন্দী ভাষাৰ বিশেষ গ্ৰন্থ “এই চকুহাল ধন্য ” বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

তেজপুৰৰ “বিশ্বজনীন সংস্কৃতি, সম্প্ৰদায় সৱলীকৰণ আৰু অৰ্থনৈতিক উন্নয়ন সমিতি (চাকচিড)”ৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটোৰ আৰম্ভণিতে বিশিষ্ট সাহিত্যিক তথা অনুবাদক শ্ৰী চন্দ্ৰমণি উপাধ্যায়ে আদৰণী ভাষণ আগবঢ়াই গ্ৰন্থখনৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰাৰ লগতে কবিতাসমূহত প্ৰতিফলিত হোৱা দেশপ্ৰেম আৰু মানৱপ্ৰেমৰ গভীৰ তাৎপৰ্যৰ বিষয়ে ব্যাখ্যা কৰে।

উন্মোচনী ভাষণত জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসে অনুবাদ সাহিত্যৰ গুৰুত্ব আৰু মহত্বৰ ওপৰত আলোকপাত কৰি কয় যে, সৃষ্টিশীল সাহিত্যই মানুহৰ চিন্তা-চেতনাৰ বিকাশ ঘটোৱাৰ লগতে সমাজত ইতিবাচক মূল্যবোধ গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰে।

উল্লেখ্য যে, শোণিতপুৰ জিলাৰ লগতে জিলাখনৰ বাহিৰৰো বহু বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি শ্ৰী মহেন্দ্ৰ নাথ কেওঁট, বিশিষ্ট শিক্ষাবিদ তথা শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ভূপেন শইকীয়া, নেপালী সাহিত্য সভাৰ সভাপতি তথা বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চিন্তামণি শৰ্মা, ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতা, তেজপুৰ পৌৰসভাৰ পৌৰপতি শ্ৰী ৰমেন তামুলী, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ গ্ৰন্থগাৰিক তথা শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক শ্ৰী মৃদুল কুমাৰ চহৰীয়াকে ধৰি বহুসংখ্যক আমন্ত্ৰিত অতিথি আৰু চাকচিডৰ সভাপতি শ্ৰী পংকজ বৰুৱাৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।

#Sonitpur#Tezpur#BookLaunch#EiChokuhalDhannya#AssameseTranslation#Literature#TranslationLiterature#NarendraModi#ChandramaniUpadhyay#Sahitya#Assam#DistrictAdministrationSonitpur#Chakchid#CulturalHeritage#Books#Poetry#OfficialEvent

PMO IndiaCMO AssamBiswajit DaimaryDirectorate of Information and Public Relations, AssamJanasanyog, Sonitpur জনসংযোগ, শোণিতপুৰ

About Team Edupur

Check Also

Observation of Deshbhakti Divas – Sonitpur District

শোণিতপুৰত দেশভক্তি দিৱস পালন

দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ স্বাধীনতা সংগ্ৰামৰ মহান নেতা, দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকী …