Wednesday , 10 June 2026
Sonitpur District Review Meeting: Flood Preparedness and Progress Assessed
Sonitpur District Review Meeting: Flood Preparedness and Progress Assessed

শোণিতপুৰ জিলাৰ জিলা পৰ্যালোচনা সভা আৰু বান প্ৰস্তুতি পৰ্যালোচনা

আজি তেজপুৰৰ বটামাৰীস্থিত কনভেনচন চেণ্টাৰত অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম; ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ সন্মানীয় কেবিনেট মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী বিশ্বজিৎ দৈমাৰীৰ সভাপতিত্বত এখন বিস্তৃত জিলা পৰ্যালোচনা সভা তথা বান প্ৰস্তুতি পৰ্যালোচনা সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দ্বায়িত্ব লাভ কৰাৰ পিছতেই মাননীয় মন্ত্ৰী গৰাকীয়ে আজি প্ৰথমখন জিলা পৰ্যায়ৰ পৰ্যালোচনা সভাত সভাপতিত্ব কৰে।

সভাত শোণিতপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰী ৰঞ্জিত দত্ত, তেজপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী পৃথ্বিৰাজ ৰাভা, নদুৱাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী পদ্ম হাজৰিকা, বৰছলা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী ঋতু বৰণ শৰ্মা, জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাস, জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰী বৰুণ পুৰকায়স্থ, জিলা উন্নয়ন আয়ুক্ত শ্ৰী সঞ্জীৱ কুমাৰ শৰ্মা, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী জয়ন্ত কুমাৰ বৰা, অতিৰিক্ত জিলা আয়ুক্তসকল, সম-জিলা আয়ুক্তসকল, অন্যান্য জিলা পৰ্যায়ৰ বিষয়া, বিভিন্ন বিভাগৰ মুৰব্বী, আমন্ত্ৰিত গণ্যমান্য ব্যক্তি আৰু সংশ্লিষ্ট বিভাগসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

সভাত ভাষণ প্ৰদান কৰি সন্মানীয় অভিভাৱক মন্ত্ৰীগৰাকীয়ে কয় যে বানৰ দৰে জৰুৰীকালীন পৰিস্থিতিৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰাটো সকলো চৰকাৰী বিষয়া আৰু বিভাগৰ এক সামূহিক দায়িত্ব। তেওঁ সংশ্লিষ্ট সকলো অংশীদাৰক সতৰ্ক থাকি সমন্বয়ৰ মাজেৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে যিকোনো বান পৰিস্থিতিত মানৱ জীৱন, পশুধন আৰু সম্পত্তিৰ ক্ষয়-ক্ষতি নূন্যতম কৰিব পৰা যায়।

সভাৰ অন্তত জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসে সন্মানীয় অভিভাৱক মন্ত্ৰী মহোদয়ক সন্মান আৰু শুভেচ্ছা স্বৰূপে জি.আই. টেগপ্ৰাপ্ত বিখ্যাত তেজপুৰ লিচুৰ এক উপহাৰৰ টোপোলা প্ৰদান কৰে।

#Sonitpur#DistrictReviewMeeting#FloodPreparedness#Tezpur#Assam#BiswajitDaimary#DistrictAdministration#DisasterManagement#TeamSonitpur#GovernmentOfAssam

CMO AssamBiswajit DaimaryRanjit DuttaDirectorate of Information and Public Relations, AssamJanasanyog, Sonitpur জনসংযোগ, শোণিতপুৰAssam State Disaster Management Authority-ASDMA

About Team Edupur

Check Also

Day 2 of Tezpur Litchi Festival 2026: Historic Dubai Export and Grand Cultural Finale

Day 2 of Tezpur Litchi Festival 2026: Historic Dubai Export and Grand Cultural Finale

The second and concluding day of the two-day Tezpur Litchi Festival 2026 (6–7 June) witnessed …

Leave a Reply

Your email address will not be published. Required fields are marked *