Thursday , 16 July 2026
Padma Shri Gita Upadhyay was laid to rest with full state honors.
Padma Shri Gita Upadhyay was laid to rest with full state honors.

ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হ’ল পদ্মশ্ৰী গীতা উপাধ্যায়ক

নেপালী আৰু অসমীয়া—উভয় ভাষাতেই সাহিত্য সৃষ্টিৰে দুয়োটা ভাষাৰ মাজত সমন্বয়ৰ এক সুদৃঢ় সেঁতু গঢ়ি তোলা মহান স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ নাতিনী, ৰাজ্যখনৰ বৰেণ্য সাহিত্যিক, বিশিষ্ট শিক্ষাবিদ, দুবাৰকৈ সাহিত্য অকাডেমি বঁটা প্ৰাপক, ভাৰত চৰকাৰৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী আৰু শেহতীয়াকৈ অসম চৰকাৰৰ সতী সাধনী বঁটাৰে সন্মানিত শ্ৰদ্ধাৰ গীতা উপাধ্যায়ৰ নশ্বৰ দেহ আজি অসম চৰকাৰৰ ৰাজ্যিক মৰ্যাদাৰে তেজপুৰৰ পৰোৱাৰ ৰাজহুৱা শ্মশানত শেষ কৃত্য সম্পন্ন কৰাৰ পিছত পঞ্চভূতত বিলীন হয়।

উল্লেখ্য যে, ১৩ জুলাইৰ নিশা পৰলোকপ্ৰাপ্তি ঘটা এই স্বনামধন্য মহীয়ষী নাৰীগৰাকীৰ ৰাজ্যিক মৰ্যাদাৰে অনুষ্ঠিত শেষ কৃত্য অনুষ্ঠানত অসম চৰকাৰৰ হৈ শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাস, আৰক্ষীৰ উত্তৰ অসম সংমণ্ডলৰ মহা পৰিদৰ্শক শ্ৰী প্ৰশান্ত সাগৰ চাংমাই আৰু শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰী বৰুণ পুৰকায়স্থই নশ্বৰ দেহত ফুলৰ টোৰা অৰ্পণ কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

ইয়াৰ পিছতে জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে পুষ্পাঞ্জলি অৰ্পণ কৰি এই মহান সাহিত্যিকগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

তেখেতৰ সাহিত্য, মূল্যবোধ আৰু সমাজলৈ আগবঢ়োৱা অৱদান চিৰকাল স্মৰণীয় হৈ ৰ’ব।

🙏 গভীৰ শ্ৰদ্ধাঞ্জলি। 🙏

#GitaUpadhyay#PadmaShri2025#SatiSadhaniAward2026#Tezpur#Sonitpur

CMO AssamBiswajit DaimaryDirectorate of Information and Public Relations, AssamJanasanyog, Sonitpur জনসংযোগ, শোণিতপুৰSonitpur Police

About Team Edupur

Check Also

Sonitpur Hosts Awareness Programme on Assam Urban Water Bodies Act 2026

Sonitpur Hosts Awareness Programme on Assam Urban Water Bodies Act 2026

An awareness programme on “The Assam Urban Water Bodies (Preservation and Conservation) Act, 2026” was …