Monday , 17 August 2026
Assam Govt Launches Free Transport Scheme for Tea Garden Students
Assam Govt Launches Free Transport Scheme for Tea Garden Students

চাহ বাগিছাৰ শিক্ষাৰ্থীৰ বাবে অসম চৰকাৰৰ পৰিবহণ সুবিধা আঁচনিৰ শুভাৰম্ভ

বিদ্যালয়ত ছাত্ৰ -ছাত্ৰীৰ উপস্থিতিৰ হাৰ বৃদ্ধি কৰা, ছাত্ৰ -ছাত্ৰীৰ দ্ৰপআউট অৰ্থাৎ বিদ্যালয় শিক্ষা ত্যাগ কৰা প্ৰৱণতা নাশ কৰা, দূৰণিবটীয়া ছাত্ৰ -ছাত্ৰীৰ বিদ্যালয় শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ লক্ষ্যৰে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষাৰ শোণিতপুৰ জিলাৰ সহযোগত আজিৰে পৰা চাহ বাগিছাৰ শিক্ষাৰ্থীৰ বাবে অসম চৰকাৰৰ পৰিবহণ সুবিধাৰ এক বিশেষ আঁচনি শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ সোণাজুলী চাহ বাগিছা আদৰ্শ বিদ্যালয়ত শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে ।

এই উদ্দেশ্যে আদৰ্শ বিদ্যালয়খনত অনুষ্ঠিত হোৱা শুভাৰম্ভণি অনুষ্ঠানত ভাষণ আগবঢ়াই জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে শিক্ষাৰ্থী সকল বিদ্যালয়লৈ আহিব পৰাৰ এই সুবিধাই বিদ্যালয়ৰ পাঠ গ্ৰহণত ছাত্ৰ ছাত্ৰী সকলৰ আগ্ৰহ বৃদ্ধি কৰিব আৰু বিদ্যালয়ৰ উপস্থিতি সন্তোষজনক হোৱাৰ বাবে জিলাখনৰ শৈক্ষিক দিশ ত্বৰান্বিত হ’ব ।

#SonitpurDistrictAdministration#EducationForAll#SamagraShiksha#TeaGardenCommunities#SchoolEducation#StudentWelfare#InclusiveEducation#Sonitpur#Assam#TransformingEducation#NoChildLeftBehind#AccessToEducation#AnandaKumarDasACS#Rangapara#SonajuliTeaGardenSchool

CMO AssamRanoj PeguDirectorate of Information and Public Relations, AssamJanasanyog, Sonitpur জনসংযোগ, শোণিতপুৰ

About Team Edupur

Check Also

Observation of Deshbhakti Divas – Sonitpur District

শোণিতপুৰত দেশভক্তি দিৱস পালন

দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ স্বাধীনতা সংগ্ৰামৰ মহান নেতা, দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকী …

Leave a Reply

Your email address will not be published. Required fields are marked *