Friday , 10 July 2026
Important Public Awareness Message from Assam State Disaster Management Authority (ASDMA)
Important Public Awareness Message from Assam State Disaster Management Authority (ASDMA)

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)-ৰ গুৰুত্বপূৰ্ণ জনসচেতনতা বাৰ্তা

অসম চৰকাৰে ৰাজ্যজুৰি জৰুৰীকালীন সতৰ্কবাণী অধিক দ্ৰুত, নিৰ্ভৰযোগ্য আৰু ফলপ্ৰসূভাৱে জনসাধাৰণৰ ওচৰলৈ পঠিয়াবলৈ Cell Broadcast System (CBS) কাৰ্যকৰী কৰিছে।

এই অত্যাধুনিক ব্যৱস্থাৰ জৰিয়তে বানপানী, আকস্মিক বানপানী (Flash Flood), বজ্ৰপাত, ঘূৰ্ণীবতাহ, ভূমিস্খলন আদি জৰুৰী পৰিস্থিতিৰ সময়ত নিৰ্দিষ্ট ভৌগোলিক অঞ্চলৰ সকলো মোবাইল ব্যৱহাৰকাৰীৰ ওচৰলৈ তাৎক্ষণিকভাৱে সতৰ্কবাণী প্ৰেৰণ কৰা হ’ব। CBS সতৰ্কবাণীসমূহে এক বিশেষ শব্দ আৰু কম্পনৰ সৈতে মোবাইল স্ক্ৰীনত পপ-আপ বাৰ্তা হিচাপে দেখা দিব।

উক্ত CBS ব্যৱস্থা কাৰ্যকৰীকৰণৰ সময়ছোৱাত সৰ্বসাধাৰণ ৰাইজক অনুৰোধ জনোৱা হৈছে যে, এনে সতৰ্কবাণী লাভ কৰিলে আতংকিত নহৈ সংশ্লিষ্ট নিৰ্দেশনা অনুসৰণ কৰি নিজৰ আৰু পৰিয়ালৰ সুৰক্ষা নিশ্চিত কৰক।

এই সন্দৰ্ভত অধিক তথ্যৰ বাবে সংলগ্ন প্ৰেছ টোকাটো পঢ়ক।

#ASDMA#CellBroadcastSystem#CBS#DisasterManagement#EarlyWarningSystem#Assam#DisasterPreparedness#PublicSafety#GovernmentOfAssam#StayAlertStaySafe

CMO AssamAssam State Disaster Management Authority-ASDMANational Disaster Management Authority, IndiaDirectorate of Information and Public Relations, AssamJanasanyog, Sonitpur জনসংযোগ, শোণিতপুৰ

About Team Edupur

Check Also

Sonitpur DC Inspects Special Assam TET Exam Centre in Tezpur

Sonitpur DC Inspects Special Assam TET Exam Centre in Tezpur

TEZPUR: District Commissioner Shri Ananda Kumar Das today visited PM Shri Tezpur Collegiate Higher Secondary …

Leave a Reply

Your email address will not be published. Required fields are marked *