Saturday , 6 June 2026
Large-scale Afforestation and Environmental Conservation Program in Sonitpur District on the Occasion of World Environment Day 2026
Large-scale Afforestation and Environmental Conservation Program in Sonitpur District on the Occasion of World Environment Day 2026

২০২৬ চনৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শোণিতপুৰ জিলাত বৃহৎ পৰিসৰৰ বনানীকৰণ আৰু পৰিৱেশ সংৰক্ষণ কাৰ্যসূচী

বিশ্ব পৰিৱেশ দিৱস, ২০২৬ উপলক্ষে শোণিতপুৰ জিলাত দুটা উল্লেখযোগ্য বনানীকৰণ আৰু পৰিৱেশ সংৰক্ষণমূলক পদক্ষেপ গ্ৰহণ কৰা হয়, যাৰ জৰিয়তে পৰিৱেশ পুনৰুদ্ধাৰ, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি সামূহিক দায়বদ্ধতাক অধিক শক্তিশালী কৰা হয়।

📍

বালিপৰা সংৰক্ষিত বনাঞ্চলৰ ছটাই নদী অঞ্চলত শোণিতপুৰ জিলা প্ৰশাসন, বন বিভাগ, বালিপৰা ফাউণ্ডেশ্যন, ইক’ টাস্ক ফ’ৰ্চ নামেৰী, গজৰাজ কৰ্পছ, স্থানীয় ৰাইজ আৰু আত্মসহায়ক গোট (SHGs)-ৰ সদস্য সকলৰ অংশগ্ৰহণেৰে এক বৃহৎ গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন কৰা হয়।

শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসে প্ৰথম গছপুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত চাৰিদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শ্ৰী জয়প্ৰকাশ মহন্ত, বিভিন্ন অংশীদাৰ, সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজে গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

🌿 এই গছপুলি ৰোপণ অভিযানটো এক বিস্তৃত বনানীকৰণ কাৰ্যসূচীৰ অংশ, যাৰ অধীনত ইক’ টাস্ক ফ’ৰ্চ নামেৰীৰ প্ৰচেষ্টাত ইতিমধ্যে ছটাই নদী–বালিপৰা সংৰক্ষিত বনাঞ্চল ভূ-প্ৰকৃতি জুৰি ১৩ লাখতকৈ অধিক গছপুলি ৰোপণ কৰা হৈছে।

🌱 বিশ্ব পৰিৱেশ দিৱসৰ অংশ হিচাপে বনাঞ্চলৰ পুনৰুজ্জীৱন আৰু পৰিৱেশগত স্থিতিস্থাপকতা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে পাঁচটা থলুৱা প্ৰজাতিৰ অতিৰিক্ত ১,১০০টা গছপুলি ৰোপণ কৰা হয়।

এই পদক্ষেপৰ লক্ষ্য হৈছে প্ৰায় ৮,০০০ হেক্টৰ অৱক্ষয়ী বনভূমি পুনৰুদ্ধাৰ কৰা। ইয়াৰ ফলত বনাঞ্চল সংলগ্ন ৰাইজৰ বাবে দীৰ্ঘম্যাদী পৰিৱেশগত আৰু আৰ্থ-সামাজিক সুবিধা সৃষ্টি হোৱাৰ লগতে সমগ্ৰ ভূ-প্ৰকৃতিৰ বাসস্থানৰ গুণগত মান, পৰিৱেশগত সংযোগ আৰু সংৰক্ষণমূলক ফলাফল উন্নত হ’ব।

📍 ধেনুখনা পাহাৰ ক্ষতিপূৰণমূলক বনানীকৰণ (CA) ভূমি,

ইয়াৰ পিছতে জিলা আয়ুক্ত গৰাকীয়ে শোণিতপুৰ পশ্চিম সংমণ্ডলৰ সদৰ ৰেঞ্জৰ অন্তৰ্গত ধেনুখনা পাহাৰত ১৩৪ ইক’ টাস্ক ফ’ৰ্চৰ সহযোগত আয়োজিত আন এক গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

উক্ত কাৰ্যসূচীত ১৩৪ ইক’ টাস্ক ফ’ৰ্চৰ কমাণ্ডেণ্ট, শ্ৰী আদৰ্শ নায়ক; মেজৰ কানহাইয়া আগৰৱাল; শোণিতপুৰ পশ্চিম সংমণ্ডলৰ সংমণ্ডল বন বিষয়া, শ্ৰী বিশ্ব জ্যোতি দাস; তেজপুৰ উন্নয়ন মঞ্চ; তেজপুৰ নাগৰিক সমাজৰ প্ৰতিনিধি; দ-পৰ্বতীয়া বেজৰচুবুৰী গাঁওৰ প্ৰতিনিধি; ভিডিপিৰ সদস্যসকল ; স্থানীয় ৰাইজ আৰু গণেশ মন্দিৰ সমিতিৰ সদস্যসকল উপস্থিত থাকে।

🌳 ৫ হেক্টৰ ক্ষতিপূৰণমূলক বনানীকৰণ এলেকাত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য’ত প্ৰায় ১,৫০০টা গছপুলি ৰোপণ কৰি ভূ-প্ৰকৃতি পুনৰুদ্ধাৰ আৰু পৰিৱেশগত বহনক্ষমতাক শক্তিশালী কৰাৰ লক্ষ্য লোৱা হয়।

#WorldEnvironmentDay2026#BeatPlasticPollution#Sonitpur#Afforestation#EnvironmentalConservation#GreenSonitpur#EcoRestoration#SustainableDevelopment#ForestConservation#Biodiversity#EcoTaskForce#BaliparaReserveForest#ChotaiHill#DhenukhanaPahar#Assam#PlantationDrive#CommunityParticipation#GreenFuture#MissionLiFE#EnvironmentDay2026🌿🌎💚

CMO AssamDirectorate of Information and Public Relations, AssamJanasanyog, Sonitpur জনসংযোগ, শোণিতপুৰMinistry of Environment, Forest & Climate Change, Government of IndiaADGPI – Indian Army

About Team Edupur

Check Also

District Commissioner Chairs Welfare Meeting with Harijan Majdoor Union

District Commissioner Chairs Welfare Meeting with Harijan Majdoor Union

SONITPUR — District Commissioner Shri Ananda Kumar Das chaired a meeting with representatives of the …

Leave a Reply

Your email address will not be published. Required fields are marked *