Monday , 24 August 2026
NEGDCL PNG Gas Connection Assam
NEGDCL PNG Gas Connection Assam

সকলো ৰাইজৰ জ্ঞাতাৰ্থে – NEGDCL Piped Natural Gas in Assam

নৰ্থ ইষ্ট গেছ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড (NEGDCL)-এ আপোনালোকৰ ঘৰত PNG (Piped Natural Gas) সংযোগৰ সুবিধা আগবঢ়াই গেছ যোগানৰ সমস্যাৰ সহজ আৰু সুৰক্ষিত সমাধান লৈ আহিছে। এতিয়া চিলিণ্ডাৰ বুকিং, বহন বা শেষ হোৱাৰ চিন্তা নকৰাকৈ ঘৰত অবিৰত গেছ ব্যৱহাৰ কৰিব পাৰিব। এই ব্যৱস্থা পৰিবেশ অনুকূল, নিৰাপদ আৰু ব্যৱহাৰত অত্যন্ত সহজ। সংযোগ লাভ কৰিবলৈ অতি কম টকাৰে আবেদন কৰিব পাৰিব, য’ত পঞ্জীয়ন মাচুল মাত্ৰ ১০০ টকা আৰু গেছ খৰচৰ চিকিউৰিটি ডিপজিট ১০০০ টকা ধাৰ্য কৰা হৈছে। সাধাৰণ গ্ৰাহকৰ সুবিধাৰ বাবে সহজ কিস্তিত পৰিশোধৰ সুবিধাও উপলব্ধ কৰা হৈছে। ব্যৱহাৰ অনুসৰি প্ৰতিদিনে বা মাহেকীয়া ভিত্তিত পৰিশোধৰ বিকল্প থাকিব। ইতিমধ্যে বহু সংখ্যক পৰিয়ালে এই আধুনিক আৰু সুবিধাজনক PNG সেৱা গ্ৰহণ কৰি উপকৃত হৈছে। সুৰক্ষিত, অৰ্থনৈতিক আৰু পৰিবেশ-বান্ধৱ জীৱনশৈলীৰ বাবে আজিয়েই NEGDCL-ৰ PNG সংযোগ গ্ৰহণ কৰক। অধিক তথ্যৰ বাবে www.negdcl.co.in ৱেবছাইট ভ্ৰমণ কৰক অথবা দিয়া নম্বৰত যোগাযোগ কৰক।

#PipedGas#CookingGas#NEGDCL

CMO AssamDirectorate of Information and Public Relations, AssamJanasanyog, Sonitpur জনসংযোগ, শোণিতপুৰ

About Team Edupur

Check Also

Observation of Deshbhakti Divas – Sonitpur District

শোণিতপুৰত দেশভক্তি দিৱস পালন

দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ স্বাধীনতা সংগ্ৰামৰ মহান নেতা, দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকী …

Leave a Reply

Your email address will not be published. Required fields are marked *