Friday , 10 July 2026
Sonitpur Census 2027
Sonitpur Census 2027

শোণিতপুৰ | লোকপিয়ল ২০২৭

লোকপিয়ল ২০২৭ (প্ৰথম পৰ্যায়)ৰ অন্তৰ্গত গৃহ তালিকা আৰু গৃহ পিয়ল (House Listing and Housing Census – HLO) সম্পৰ্কীয় তিনিদিনীয়া জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ ২নং সভাকক্ষত সফলতাৰে সমাপ্ত হয়।

সামৰণি অনুষ্ঠানত শোণিতপুৰৰ প্ৰধান লোকপিয়ল বিষয়া তথা জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাস, জিলা লোকপিয়ল বিষয়া তথা জিলা উন্নয়ন আয়ুক্ত শ্ৰী সঞ্জীৱ কুমাৰ শৰ্মা, অতিৰিক্ত জিলা লোকপিয়ল বিষয়াসকল, সম-জিলা লোকপিয়ল বিষয়াসকল, উপ-জিলা লোকপিয়ল বিষয়াসকল, ৰাজহ চক্ৰ বিষয়াসকল, পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকল, অন্যান্য ভাৰপ্ৰাপ্ত লোকপিয়ল বিষয়াসকল, অতিৰিক্ত ভাৰপ্ৰাপ্ত লোকপিয়ল বিষয়াসকল, বিশেষ ভাৰপ্ৰাপ্ত লোকপিয়ল বিষয়াসকল, ভাৰপ্ৰাপ্ত লোকপিয়ল সহায়কসকল, কাৰিকৰী সহায়কসকল আৰু লোকপিয়ল কাৰ্যৰ সৈতে জড়িত অন্যান্য বিষয়া-কৰ্মচাৰীসকলে উপস্থিত থাকে।

এই উপলক্ষে প্ৰধান লোকপিয়ল বিষয়া তথা জিলা আয়ুক্তগৰাকীয়ে জিলা লোকপিয়ল বিষয়াসকল আৰু অন্যান্য বিষয়াসকলৰ সৈতে লোকপিয়ল সঞ্চালকালয়, অসমৰ সমল ব্যক্তি সহকাৰী সঞ্চালক শ্ৰী প্ৰতাপ চন্দ্ৰ চাহু আৰু পৰিসাংখ্যিক অনুসন্ধানকাৰী গ্ৰেড-১ শ্ৰী এছ. কে. মণ্ডলক প্ৰশিক্ষণ কাৰ্যসূচী সফলভাৱে পৰিচালনা কৰাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰে।

লোকপিয়ল ২০২৭ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। স্ব-গণনা (Self Enumeration) সুবিধা ২ আগষ্টৰ পৰা ১৬ আগষ্ট ২০২৬লৈ https://se.census.gov.in/ পৰ্টেলত উপলব্ধ থাকিব। প্ৰথম পৰ্যায়, অৰ্থাৎ গৃহ তালিকা আৰু গৃহ পিয়ল (HLO), অসমত ১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰ ২০২৬লৈ অনুষ্ঠিত হ’ব। দ্বিতীয় পৰ্যায়, অৰ্থাৎ জনসংখ্যা গণনা (Population Enumeration – PE), ফেব্ৰুৱাৰী ২০২৭ত অনুষ্ঠিত হ’ব।

#লোকপিয়ল২০২৭#শোণিতপুৰ#জিলাপ্ৰশাসন#ডিজিটেললোকপিয়ল#অসম#Census2027#Sonitpur#DistrictAdministration#DigitalCensus#Assam

PMO IndiaCMO AssamCensus India 2027Census Operations AssamDirectorate of Information and Public Relations, AssamJanasanyog, Sonitpur জনসংযোগ, শোণিতপুৰ

About Team Edupur

Check Also

Sonitpur DC Inspects Special Assam TET Exam Centre in Tezpur

Sonitpur DC Inspects Special Assam TET Exam Centre in Tezpur

TEZPUR: District Commissioner Shri Ananda Kumar Das today visited PM Shri Tezpur Collegiate Higher Secondary …

Leave a Reply

Your email address will not be published. Required fields are marked *