Friday , 17 July 2026
Launch of Three-Day District-Level Training Program on House Listing and Housing Census (HLO) for Census 2027
Launch of Three-Day District-Level Training Program on House Listing and Housing Census (HLO) for Census 2027

লোকপিয়ল ২০২৭ৰ গৃহ তালিকা আৰু গৃহ পিয়ল (HLO) সম্পৰ্কীয় তিনিদিনীয়া জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

আজি শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ ২নং-সভাকক্ষত লোকপিয়ল ২০২৭ (প্ৰথম পৰ্যায়)ৰ অন্তৰ্গত গৃহ তালিকা আৰু গৃহ পিয়ল (House Listing and Housing Census – HLO) সম্পৰ্কীয় তিনিদিনীয়া জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ হয়। উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰি শোণিতপুৰৰ প্ৰধান লোকপিয়ল বিষয়া তথা জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসে উপস্থিত বিষয়া-কৰ্মচাৰীসকলক প্ৰশিক্ষণত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি লোকপিয়ল কাৰ্যসূচীৰ প্ৰক্ৰিয়া আৰু নতুনকৈ প্ৰৱৰ্তিত প্ৰযুক্তিগত সঁজুলিসমূহ সম্পৰ্কে সম্পূৰ্ণ জ্ঞান আহৰণ কৰিবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে লোকপিয়লৰ তথ্য প্ৰমাণভিত্তিক শাসন ব্যৱস্থা, উন্নয়নমূলক পৰিকল্পনা, আন্তঃগাঁথনি নিৰ্মাণ আৰু জনকল্যাণমূলক আঁচনি ৰূপায়ণৰ মূল ভিত্তি; সেয়ে এই কাৰ্যসূচীত তথ্যৰ শুদ্ধতা আৰু সততা অতি গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰে।

প্ৰশিক্ষণ কাৰ্যসূচীত জিলা লোকপিয়ল বিষয়া তথা জিলা উন্নয়ন আয়ুক্ত শ্ৰী সঞ্জীৱ কুমাৰ শৰ্মা, অতিৰিক্ত জিলা লোকপিয়ল বিষয়াসকল, উপ-জিলা লোকপিয়ল বিষয়াসকল, ৰাজহ চক্ৰ বিষয়াসকল, পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকল, অন্যান্য ভাৰপ্ৰাপ্ত লোকপিয়ল বিষয়া, অতিৰিক্ত ভাৰপ্ৰাপ্ত লোকপিয়ল বিষয়াসকল, বিশেষ ভাৰপ্ৰাপ্ত লোকপিয়ল বিষয়াসকল, ভাৰপ্ৰাপ্ত লোকপিয়ল সহায়কসকল, কাৰিকৰী সহায়কসকল আৰু লোকপিয়ল কাৰ্যৰ সৈতে জড়িত অন্যান্য বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে । ইয়াৰ উপৰিও সেনা বাহিনী আৰু সশস্ত্ৰ সীমা বল (SSB)-ৰ প্ৰতিনিধিসকলেও প্ৰশিক্ষণত অংশগ্ৰহণ কৰে ।

এই প্ৰশিক্ষণ কাৰ্যসূচী লোকপিয়ল সঞ্চালকালয়, অসমৰ সহকাৰী সঞ্চালক শ্ৰী প্ৰতাপ চন্দ্ৰ চাহু আৰু পৰিসাংখ্যিক অনুসন্ধানকাৰী গ্ৰেড-১ শ্ৰী এছ. কে. মণ্ডলে পৰিচালনা কৰে। ৬ জুন ২০২৬লৈকে চলিবলগীয়া এই প্ৰশিক্ষণৰ মূল উদ্দেশ্য হৈছে লোকপিয়ল ২০২৭ সফলভাৱে ৰূপায়ণৰ বাবে জিলা আৰু ভাৰপ্ৰাপ্ত লোকপিয়ল বিষয়াসকলক অধিক সচেতন কৰা।

সমল ব্যক্তিসকলে আৰু জনায় যে লোকপিয়ল ২০২৭ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়, অৰ্থাৎ গৃহ তালিকা আৰু গৃহ পিয়ল (HLO), অসমত ১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰ ২০২৬লৈ অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ২ আগষ্টৰ পৰা ১৬ আগষ্ট ২০২৬লৈ স্ব-গণনা (Self Enumeration) সুবিধা উপলব্ধ থাকিব। সৰ্বসাধাৰণ ৰাইজে https://se.census.gov.in/ পৰ্টেলত নিজৰ তথ্য অনলাইনযোগে দাখিল কৰিব পাৰিব, যি তথ্য পিছত গণনাকাৰীয়ে ক্ষেত্ৰ পৰ্যায়ত পৰ্যবেক্ষণ কৰিব। দ্বিতীয় পৰ্যায়, অৰ্থাৎ জনসংখ্যা গণনা (PE), ফেব্ৰুৱাৰী ২০২৭ত অনুষ্ঠিত হ’ব।

প্ৰশিক্ষণত লোকপিয়লৰ তথ্যৰ গোপনীয়তা, ব্যক্তিগত তথ্যৰ সুৰক্ষা আৰু তথ্য নিৰাপত্তা বজাই ৰখাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। অংশগ্ৰহণকাৰীসকলক লোকপিয়ল তথ্য সুৰক্ষাৰ ক্ষেত্ৰত প্ৰযোজ্য আইনী বিধানসমূহ আৰু ডিজিটেল তথ্য তথা এপ্লিকেচন ব্যৱহাৰৰ সময়ত অনুসৰণ কৰিবলগীয়া সুৰক্ষা প্ৰট’কলসমূহ সম্পৰ্কে সজাগ কৰা হয়।

#Census2027#HLO#HouseListingAndHousingCensus#Sonitpur#Tezpur#DistrictAdministration#CensusTraining#AssamCensus#DigitalCensus#SelfEnumeration#DataSecurity#GoodGovernance#DevelopmentPlanning#PublicAdministration#AnandaKumarDas#SonitpurDistrict#CensusIndia#AssamGovernment#TrainingProgramme#EvidenceBasedGovernance

PMO IndiaCMO AssamDirectorate of Information and Public Relations, AssamCensus India 2027Census Operations AssamJanasanyog, Sonitpur জনসংযোগ, শোণিতপুৰMinistry of Home Affairs, Government of India

About Team Edupur

Check Also

District Administration Extends Support to Bol Bom Devotees

District Administration Extends Support to Bol Bom Devotees

During the holy month of Shravan, District Commissioner of Sonitpur, Shri Ananda Kumar Das, visited …

Leave a Reply

Your email address will not be published. Required fields are marked *