ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে বুৰঞ্জীপ্ৰসিদ্ধ তেজপুৰতো ৰাভা দিৱসৰ আয়োজন
এন ই লাইভ ট্যুডে, জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: ২০জুন:
আজি ৰাভা দিৱস । নিজৰ বৈপ্লৱিক সত্বাৰে এক আলোড়ন সৃষ্টি কৰা সংগ্ৰামী নেতা তথা শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণৰ বাবে ৰাজ্যৰ প্রান্তে প্রান্তে বিভিন্ন বৰ্ণাধ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৰাভা দিৱস । আজিৰ এই বিশেষ দিনটোতেই ১৯৬৯ চনত তেজপুৰত মহাপ্ৰয়ান ঘটিছিল এইজনা মহান শিল্পীৰ । কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সৃষ্টিৰাজিৰ চৰ্চা লগতে তেখেতৰ যি আদৰ্শ সেই আদৰ্শৰ ব্যাখ্যাৰে সকলোকে উদ্ভাসিত কৰিবলৈ ৰাজ্যৰ চুকে কোনে ব্যাপক কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাভা দিৱস । সদৌ অসম ছাত্ৰ সন্থাই শোণিতপুৰ জিলাৰ বুৰঞ্জীপ্ৰসিদ্ধ তেজপুৰৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থলত গভীৰ শ্ৰদ্ধাঞ্জলী জনাই কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছে ৰাভা দিৱস ।