Home / DailyOn / Information / কাৰ্বি ভূমিত নিহতৰ অসমীয়া যুৱকৰ প্ৰতি জামুগুৰিহাটত শ্ৰদ্ধাঞ্জলী ।

কাৰ্বি ভূমিত নিহতৰ অসমীয়া যুৱকৰ প্ৰতি জামুগুৰিহাটত শ্ৰদ্ধাঞ্জলী ।

কাৰ্বি ভূমিত নিহতৰ অসমীয়া যুৱকৰ  প্ৰতি জামুগুৰিহাটত শ্ৰদ্ধাঞ্জলী ।

এন ই লাইভ ট্যুডে, জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: ১২ জুন:

 

১২ জুন:

কাৰ্বি আংলং জিলাৰ ডকমকাৰ পানজুৰিত যোৱা ৮ জুনৰ সন্ধিয়া গুৱাহাটীৰ নিৰিহ দুজন যুৱক অভিজিৎ নাথ আৰু নিলোৎপল দাসক উন্মত্ত গঞাই নৃশংস ভাবে হত্যা কৰা ঘটনা প্ৰতিবাদ ৰাজ্য যুৰি অব্যাহত থকাৰ মাজতে আজি জামুগৰিহাটটো শ্ৰদ্ধাঞ্জলী অনুস্থান অনুস্থিত হয় ৷ জামুগুৰি বহাগী মেলা কমিটি আৰু জামুগুৰি ব্যৱসায় সন্থাৰ উদ্যোগত আজি সন্ধিয়া জামুগুৰি কেন্দ্ৰত অনুস্থিত শ্ৰদ্ধাঞ্জলি অনুস্থানত সদৌ জামুগৰি ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষৰ জামুগুৰি আঞ্চলিক কমিটি, বিজেপি যুৱ মৰ্চাৰ নদুৱাৰ মণ্ডল, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, নদুৱাৰ প্ৰেছ ক্লাৱ, জামুগুৰি প্ৰেছ ক্লাৱ, সংগ্ৰমী যুৱ ছাত্ৰ পৰিষদৰ নদুৱাৰ আঞ্চলিক, নদুৱাৰ আঞ্চলিক পঞ্চায়ত, ব্যৱসায় সন্থা জামুগুৰি বহাগী মেলা কমিটি আদিকে ধৰি বিভিন্ন দল সংগঠনৰ বিষয় ববিয়া সদস্য সকলে এগচিকৈ বন্তি প্ৰজ্জলন কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ উক্ত দল সংগঠন সমুহৰ প্ৰতিনিধি সকলে জঘন্য হত্যা কাণ্ডৰ বলি হোৱা দুয়োগৰকী নিৰিহ যুৱকৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি প্ৰাৰ্থনা জনোৱাৰ লগতে  শোক সন্তপ্ত পৰিয়াল বৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ ইয়াৰ উপৰিও সংগঠন সমুহে এনে অবাঞ্চিত ঘটনাৰ আলম লৈ কোনো দূস্কৃতিকাৰীয়ে যাতে শান্তিৰ অসম ভূমিত অশান্তিৰ বিষবাষ্প বিয়পাব নোৱাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিবলৈ আৰক্ষী প্ৰশাসনক আহৱান জনোৱাৰ লগতে হত্যাকাণ্ডত জড়িত সকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি  দৃষ্টান্ত মূলক শাস্তি প্ৰদানৰ দাৱী জনায় ।

 

About Chandan Sarmah

Reporter, Jamugurihat, Assam

Check Also

AISSCE and AISSE 2021-22 Results from Army Public School Tezpur

The People in around Historic Tezpur town in Sonitpur District today felt proud as a …

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.