Home / News / তেজপুৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী

তেজপুৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী

এন ই লাইভ ট্যুডে, জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: ২৮ মে’ :

#তেজপুৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী ।

ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি অহা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বাতিলৰ দাবীত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰা হয় | তেজপুৰ চহৰৰ মাজ মজিয়াৰ পৰা জয়মতি পথাৰলৈ সমদল আৰম্ভ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী সম্বলিত প্ৰতিবাদী শ্ল’গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে প্ৰতিবাদকাৰী সকলে |

      

শোণিতপুৰ জিলাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথ আৰু সাধাৰণ সম্পাদক নিতুল বৰাৰ নেতৃত্বত অনুষ্ঠিত আজিৰ প্ৰতিবাদী কাৰ্যসূচীত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰমুখ্যে নেতৃবৃন্দৰ উপস্থিতিত ৰূপায়িত কাৰ্যসূচীত শোণিতপুৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা ৰাইজ, কেবাখনো বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজেও অংশ গ্ৰহণ কৰে |

     

About Chandan Sarmah

Reporter, Jamugurihat, Assam

Check Also

AISSCE and AISSE 2021-22 Results from Army Public School Tezpur

The People in around Historic Tezpur town in Sonitpur District today felt proud as a …

One comment

  1. তেজপুৰ অনলাইনৰ সমুহ কৰ্মকৰ্তাক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ।

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.